একক

উইণ্ডো এজেন্সী

অসম ৰাজ্যত উদ্যোগ স্থাপনৰ বাবে প্ৰয়োজনীয় সময়সীমা অনুজ্ঞাপত্ৰ, অনুমতি আৰু অনুমোদন প্ৰদানৰ বাবে 'অসম ইজ অৱ ডুইং বিজনেছ এক্ট ২০১৬'ৰ ফলস্বৰূপে একক উইণ্ড’ ক্লিয়াৰেন্স চিষ্টেম গঠন কৰা হৈছিল।

একক উইণ্ড’ ক্লিয়াৰেন্স চিষ্টেম পৰ্টেল হৈছে বিনিয়োগকাৰীৰ বাবে একক উইণ্ড’ সুবিধা প্ৰদান ব্যৱস্থা। এই পৰ্টেলটো হৈছে বিনিয়োগকাৰীৰ বাবে চৰকাৰী নীতি, উডগনিমুলক বিভিন্ন আঁচনি আৰু আন্তঃগাঁথনিৰ উপলব্ধতাৰ বিষয়ে তথ্যৰ জনাৰ মাধ্যম। ই বিনিয়োগকাৰীসকলক প্ৰস্তাৱিত বিনিয়োগ প্ৰকল্পৰ বাবে আবেদন প্ৰক্ৰিয়া t সহায় কৰিবলৈ হাতপুথি প্ৰদান কৰে। এই পৰ্টেলৰ জৰিয়তে বিভিন্ন অংশীদাৰ বিভাগসমূহে বিনিয়োগকাৰীৰ আবেদন প্ৰক্ৰিয়াকৰণ আৰু অনলাইনযোগে অনুমোদন জনোৱাৰ সুবিধাও প্ৰদান কৰিব। ইয়াৰ লক্ষ্য হৈছে ৰাজ্য আৰু চৰকাৰী নীতিত খণ্ডভিত্তিক বিনিয়োগৰ এক কেন্দ্ৰীভূত ভঁৰাল গঢ়ি তোলা, আৰু শেষত বিনিয়োগকাৰীসকলক উচ্চমানৰ আৰু সঁহাৰি জনোৱা সেৱা প্ৰদান কৰা।

img img img
shape shape shape

মূল সুবিধাসমূহ

  • নূন্যতম কাগজ-পত্ৰৰ সৈতে এপ্লিকেচনসমূহ নিৰীক্ষণ কৰিবলৈ কেন্দ্ৰীভূত ব্যৱস্থা।
  • বিনিয়োগকাৰী আৰু চৰকাৰী বিভাগৰ মাজত পাৰস্পৰিক ক্ৰিয়াৰ বাবে একক খিৰিকী।
  • সমগ্ৰ বিশ্বৰ পৰা পৰ্টেলটোৰ উপলব্ধতা।
  • বন্ধুত্বপূৰ্ণ আৰু সৰলীকৃত আবেদন, যাৰ ফলত আবেদনৰ নূন্যতম সময়।
  • ফাইল-ট্ৰেকিঙৰ ব্য়বস্থা হোৱাৰ বাবে , বিভাগৰ দায়বদ্ধতা বৃদ্ধি।
  • ৰাজ্যিক কৰ্তৃপক্ষ আৰু বিনিয়োগকাৰীৰ দ্বাৰা আবেদনৰগতিবিধি নিৰুপন ক​ৰাৰ ব্যৱস্থা।
  • ৰাজ্যখনৰ সকলো জিলাৰ বিনিয়োগকাৰী সম্প্ৰদায়ক সহায় আগবঢ়োৱা।

বিনিয়োগকাৰীৰ কোণ

এই ব্যৱস্থাই অসমৰ প্ৰতি আগ্ৰহী ব্যৱহাৰকাৰীসকলৰ বাবে পঞ্জীয়নৰ সুবিধা প্ৰদান , বিভিন্ন আঁচনিৰ আৰু আন্তঃগাঁথনিৰ উপলব্ধতা, আৰু খণ্ডভিত্তিক অনুমতি আদি সম্পৰ্কীয় তথ্য সংগ্ৰহ কৰিবলৈ সক্ষম হ’ব।

পঞ্জীয়নৰ পিছতএজন বিনিয়োগকাৰীৰ তলত দিয়া বৈশিষ্ট্যসমূহৰ সৈতে এটা ব্যক্তিগতকৃত একাউণ্ট থাকিব:

  • সকলো জাননী আৰু তথ্য বিনিয়োগকাৰীয়ে তেওঁলোকৰ পৰ্টেল ইনবক্সত উপলব্ধ হ’ব
  • প্ৰতিজন বিনিয়োগকাৰীয়ে নিজৰ একাউণ্টৰ জৰিয়তে নতুন প্ৰকল্পৰ বাবে আবেদন কৰিব পাৰিব
  • বিনিয়োগকাৰীয়ে আজিলৈকে কৰা প্ৰকল্পৰ তালিকা ব্যক্তিগতকৃত একাউণ্টত প্ৰদৰ্শিত হ’ব
  • এই ব্যৱস্থাই প্ৰকল্পৰ অসংখ্য বিৱৰণ যেনে , আন্তঃগাঁথনিগত প্ৰয়োজনীয়তা, বিনিয়োগ, নিয়োগ, আবেদন পত্ৰ ইত্যাদি বিষয়ে তথ্য প্ৰদান কৰিব
  • বিনিয়োগকাৰীয়ে উদাহৰণস্বৰূপে মাটি, পানী আৰু শক্তিৰ বাবে পৰ্টেলৰ জৰিয়তে প্ৰতিটো প্ৰকল্পৰ সৈতে জড়িত অনলাইন আবেদন কৰিব পাৰিব
  • আন্তঃগাঁথনিৰ সুবিধা, চৰকাৰী নীতি আৰুবিভিন্ন আঁচনিৰ সন্দৰ্ভত প্ৰশ্নৰ বিষয়ে বিনিয়োগকাৰীসকলক তথ্য প্ৰচাৰ কৰা
  • আবেদনৰ অৱস্থা আৰু সমস্যাসমূহৰ অনলাইন অনুসৰণ কৰাৰ ব্য়বস্থা
ওপৰলৈ উভতি যাওক